ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি এই শিহু। যিহেতু শিহু এবিধ বিলুপ্তপ্ৰায় প্ৰাণী আৰু এই বিলুপ্তিৰ মুখ্য কাৰণ হ’ল – গংগা তথা আন নদীৰ প্ৰদূষণ, নদীবান্ধৰ নিৰ্মাণ আৰু চিকাৰ। বিলুপ্ত প্ৰায় এই জীৱৰ ভাৰতত সংখ্যা ২০০০ তকৈয়ো কম। ১৯৯৬ চনত আন্তৰ্জাতিক পৰিৱেশ সংৰক্ষণ পৰিষদে শিহুক বিলুপ্ত প্ৰায় জীৱ ৰূপে স্বীকৃতি দিছে।
উল্লেখযোগ্য যে, বৰ্তমান অসমত বৃদ্ধি পাইছে শিহুৰ সংখ্যা। অসমৰ নদ-নদীত আছে ৬৩৫ টা শিহু, ব্ৰহ্মপুত্ৰ নৈত আছে ৫৮৪ টা শিহু, সোৱণশিৰিত আছে ২২ টা আৰু কুলসী নৈত ২০ টা শিহু আনহাতে কপিলী নৈত ৫ টা আৰু বেকী নদীত আছে ৪ টা শিহু আছে বুলি জানিব পৰা গৈছে। ৰিভাৰ ডলফিনৰ শেহতীয়া পিয়লত এই তথ্য প্ৰকাশ পাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহৰাজ্য গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সময়ত এই প্ৰতিবেদন প্ৰকাশ কৰিছে।দেশৰ প্ৰথম নদী ডলফিনৰ প্ৰতিবেদনত ৮খন ৰাজ্যৰ ২৮খন নদীত ৬৩২৭টা ডলফিনৰ তথ্য পোৱা গৈছে।
উত্তৰ প্ৰদেশত পোৱা গৈছে সৰ্বাধিক শিহুৰ সংখ্যা।তাৰ পিছতেই স্থান আছে বিহাৰ, পশ্চিম বংগ, আৰু অসমৰ। যিহেতু প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ষতিগ্ৰস্ত অঞ্চলৰ স্থানীয় জনসাধাৰণ আৰু গাঁওবাসীক জড়িতকৰণেৰে ডলফিন সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰে।