ৰূপ সলনি কৰি ক্ৰমাৎ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। নতুন বছৰৰ আৰম্ভণিৰ পৰাই কেইবাটাও বৰভুঁইকপে জোঁকাৰি গৈছে সমগ্ৰ দেশবাসীক আৰু ইয়াৰ সমান্তৰালকৈ বিগত দুটা মাহত ১১ টা ভূমিকম্পই কঁপাই তুলিছে অসমকো।শেহতীয়াকৈ নিম্ন আৰু মধ্য প্রাবল্যৰ কেইবাটাও ভূমিকম্প অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সঘনাই হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী।
ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে বিগত মাহত হোৱা এই ১১ টা ভূমিকম্পই। গতিকে সাৱধানে থকাটো অতিকৈ প্ৰয়োজনীয় ৰাজ্যবাসী। যিহেতুকে পুনৰ ৰাজ্য কপোৱাৰ
আগজাননী আহি পৰিছে বৰভুঁইকপে। এইবাৰ ৮.৬ প্ৰাৱল্যৰ ভূমিকম্পই কঁপাব অসমক। ভূতত্ববিদে দিছে এই ভয়ংকৰ আগজাননী। উল্লেখ্য যে, ২৬ ফেব্ৰুৱাৰীৰ মাজনিশা ২.২৫ বজাত অহা ৫.১ প্রাবল্যত অহা ভূমিকম্পটোৱে পুনৰ এবাৰ সৰ্বসাধাৰণক শংকিত কৰি তুলিছে।
লগতে বৰভূঁইকঁপৰ সম্ভাৱনীয়তাক লৈ চৰ্চা আৰম্ভ হৈছে। পুনৰ অসমত ১৯৫০ চনৰ পৰিৱেশ সদৃশ হোৱাৰ সম্ভাৱনা আছে। ১৯৫০ চনত অসমত হোৱা বৃহৎ ভূমিকম্পৰ প্রাৱল্য আছিল ৮.৫। গতিকে এইবাৰ ৮.৬ প্ৰাৱল্যৰ সন্মুখীন হ’ব লাগিব ৰাজ্যবাসী।