সাৱধান হওঁক গুৱাহাটীবাসী!

উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ পৰিস্থিতি এতিয়া সংকটজনক অৱস্থাত। এতিয়া চাৰিওফালে কেৱলমাত্ৰ ধূলি আৰু ধূলি। সংকটত পৰিব পাৰে গুৱাহাটীৰ বাসিন্দাসকল। বিগত কেইদিনমান পূৰ্বৰে পৰা ধুলিময় হৈ পৰিছে সমগ্ৰ স্মাৰ্টচিটিখন। কেৱল মাত্ৰ গুৱাহাটীতে সীমাবদ্ধ নাই এই ধূলি প্ৰদূষণৰ মাত্ৰা।

ৰাজ্যৰ বিভিন্ন অঞ্চলতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বায়ু প্ৰদুষণে। যিটো ফালেই নাযাওঁক কিয়, চৌদিশে কেৱল ধূলি, ধূলি আৰু ধূলি। দিল্লীৰ প্ৰদূষণৰ মাত্ৰাকো অতিক্ৰম কৰিছে এতিয়া গুৱাহাটীয়ে। পৰিস্থিতি ইমান বেয়া পর্যায় পাইছেগৈ যে দিল্লীৰ প্ৰদূষণৰ মাত্ৰাকো চেৰাই গৈছে গুৱাহাটীয়ে। যাৰ বাবে এতিয়া গুৱাহাটীত বায়ু প্রদুষণে বিপদ কঢ়িয়াই আনিছে মহানগৰবাসীলৈ।

উল্লেখযোগ্য যে, ফেব্ৰুৱাৰী মাহত গুৱাহাটী মহানগৰীৰ বায়ুৰ গুণাগুণ সূচকাংক ২০০ লৈ বৃদ্ধি পাইছিল।
গুৱাহাটীত চলি থকা নির্মাণকার্য, যান-বাহনৰ ধোঁৱাই ভয়ংকৰভাৱে প্ৰদূষিত কৰি তুলিছে বায়ুমণ্ডল। তদুপৰি যান-বাহনৰ পৰা ওলোৱা প্ৰদূষণে অধিক বিনষ্ট কৰি তুলিছে পৰিৱেশ। যিহেতুকে বতাহত উৰি থকা ধূলিকণাসমূহে ভিন্ন বেমাৰৰ বীজাণু কঢ়িয়াই লৈ ফুৰে সেয়ে অধিক সজাগ হ’ব লাগিব জনসাধাৰণ।

ইয়াৰ পৰা হাত সাৰিবলৈ মাক্স পৰিধান কৰিব লাগিব গুৱাহাটীবাসীয়ে। বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ ফলত যিহেতু শ্বাস-প্ৰশ্বাসত কষ্ট হয় সেয়ে দৰকাৰী কামতহে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *