পুনৰ বৃদ্ধি পাব টোলগেটৰ কৰ

কৰ সংগ্ৰহৰ লক্ষ্য আগত লৈ শীঘ্ৰেই ৰাজ্যত মুকলি হ’ব তিনিখনকৈ নতুন টোলগেট। যাৰ বাবে বৃদ্ধি পাব টোলগেট আৰু টোলকৰ। ৫ ৰ পৰা ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব টোল মাচুল। টোলগেটৰ নামত চৰকাৰে কৰ সংগ্ৰহ কৰিছে ঠিকেই কিন্তু এতিয়ালৈ সুচল হোৱা নাই অসমৰ উজনিৰ পৰা নামনিলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহ। যাতায়াতৰ অনুপযোগী হৈ থাকিল ৰাষ্ট্ৰীয় ঘাইপথসমূহ।

এফালে ৰাষ্ট্ৰীয় ঘাইপথৰ এই শোচনীয় অৱস্থাৰ বাবে ক্ৰমান্বয়ে দুৰ্ঘটনা বৃদ্ধি পাইছে আনফালে আকৌ কেৱল টোলগেট আৰু টোল মাচুল বৃদ্ধিতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে চৰকাৰখনে। ৰাজ্যৰ অৰ্থনীতিতো যেন ইয়াৰ এক বেয়া প্ৰভাৱ পৰিছে।

লক্ষণীয় বিষয় যে দিনে দিনে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে। মেৰামতিৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বিভিন্ন অংশত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে বিভিন্ন অংশত সৃষ্টি হোৱা এই মৰনফান্দ সদৃশ গাঁতৰ মেৰামতিৰ বিপৰীতে এতিয়া এখনৰ পাছত আনএখন টোলগেট স্থাপন কৰি কেৱল টোলকৰ সংগ্ৰহ কৰিছে চৰকাৰে।

উল্লেখ্য যে, কলিয়াবৰ আৰু তেজপুৰৰ মাজত চুলুঙত, দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত আৰু বিশ্বনাথ চাৰিআলিৰ সমীপৰ মোনাবাৰীত মুকলি কৰা হ’ব এই টোলগেট।ইতিমধ্যে এই তিনিওখন টোলগেটৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *