অসমৰ ৰাজনৈতিক মহলত এটা ভিডিঅ’ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্বয়িতা কাশ্যপই এজন চৰকাৰী চালকক আঁঠুকঢ়াই চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ দৃশ্য ভাইৰেল হৈছে। এই ঘটনা দিছপুৰৰ বিধায়ক আৱাসত সংঘটিত হৈছে বুলি জনা গৈছে।
ভিডিঅ’টোত দেখা গৈছে যে প্ৰজ্বয়িতা কাশ্যপই এজন চালকক আঁঠুকঢ়াই বাৰে বাৰে চেণ্ডেলেৰে প্ৰহাৰ কৰি আছে। ইয়াৰ লগতে তেওঁ চালকজনক গালি-শপনিও দি আছে। ভিডিঅ’টোত শুনা গৈছে যে প্ৰজ্বয়িতাই চালকজনক সুৰাপান কৰাৰ অভিযোগ আনি কৈছে, “তই যেতিয়ালৈকে মোক নকও, কোনে কৈছিল, কি কাৰণত কৈছিল, কোনোবা ড্ৰাইভাৰ মোৰ ঘৰত নোসোমাবি।” ইয়াৰ পিছত তেওঁ চালকজনক আকৌ প্ৰহাৰ কৰে।
ঘটনাটো প্ৰকাশ পোৱাৰ পিছত প্ৰজ্বয়িতাই এই কাৰ্যক আত্মৰক্ষাৰ বাবে কৰা বুলি দাবী কৰে। তেওঁৰ মতে, চালকজনে দীৰ্ঘদিন ধৰি তেওঁৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰি আহিছিল আৰু কেতিয়াবা ফটো তুলিছিল। আনকি তেওঁ ঘৰৰ ভিতৰলৈ সোমাই তেওঁৰ কোঠাৰ দুৱাৰত ঢকিওৱাৰ দৰে কামো কৰিছিল বুলি প্ৰজ্বয়িতাই অভিযোগ কৰে। তেওঁ কয় যে বহুবাৰ সকীয়াই দিয়াৰ পিছতো চালকজনৰ ব্যৱহাৰ শুধৰণি কৰি নাছিল, যাৰ বাবে তেওঁ অতিষ্ঠ হৈ এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে।
ইতিমধ্যে এই ঘটনাটোৱে ৰাজনৈতিক মহলত আলোড়ন সৃষ্টি কৰিছে। চালকজন এজন চৰকাৰী কৰ্মচাৰী হোৱা বাবে তেওঁক ব্যক্তিগত কামত বাধ্য কৰোৱাৰ অভিযোগও উত্থাপন হৈছে। প্ৰজ্বয়িতাই চালকজনক ব্যক্তিগত গাড়ী চলাবলৈ বাধ্য কৰোৱাৰ লগতে ঘৰৰ বজাৰ আদি কৰিবলৈও বাধ্য কৰাইছিল বুলি অভিযোগ আনে।
এই ঘটনাটো সম্পৰ্কে এতিয়ালৈকে কোনো আনুষ্ঠানিক এজাহাৰ দাখিল কৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা নাই বুলি জনা গৈছে। প্ৰজ্বয়িতাই এই ঘটনাৰ বাবে দুঃখ প্ৰকাশ কৰি কৈছে যে যদি আত্মৰক্ষাৰ বাবে লোৱা এই পদক্ষেপ ভুল হৈছে তেন্তে তেওঁ দুঃখিত।
এই ঘটনাই প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়ালক আকৌ চৰ্চালৈ আনিছে। প্ৰফুল্ল কুমাৰ মহন্ত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ বাবে ৰাজনৈতিক কাৰ্যকলাপৰ পৰা আঁতৰি আছিল। কিন্তু এই ঘটনাই তেওঁৰ পৰিয়ালক আকৌ ৰাজনৈতিক আলোচনালৈ আনিছে।