গুৱাহাটীৰ গীতানগৰস্থিত কন্যা মহাবিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰী চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু হোৱাৰ ৰহস্যজনক ঘটনাই চিন্তাৰ সৃষ্টি কৰিছে। ছাত্ৰীগৰাকী সন্দীপস্না, অৰ্থনীতি বিভাগৰ দ্বিতীয় বৰ্ষৰ আছিল। পৰিয়ালে হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু ঘটনাটোৰ সঠিক তদন্তৰ দাবী জনাইছে।
ঘটনাটো আজি পুৱা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছিল। ছাত্ৰীগৰাকীয়ে কলেজৰ গ্ৰীলৰ গেট নিজেই খুলি ভিতৰলৈ সোমাই চতুৰ্থ মহলালৈ উঠি যায়। কিছু সময়ৰ পিছতে তেওঁ ওপৰৰ পৰা পৰি আহে। ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হ’লেও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
পৰিয়ালৰ মতে, ছাত্ৰীগৰাকী মানসিকভাৱে সুস্থ আছিল আৰু কোনো ধৰণৰ চিকিৎসা চলি থকা নাছিল। তেওঁৰ মাতৃয়ে কয়, “তাই আজি কিছু সোনকালে কলেজলৈ গৈছিল। তাই চৰম সিদ্ধান্ত ল’ব পৰা ছোৱালী নাছিল। ঘৰতো কোনো অসুবিধা নাছিল।” আনহাতে, ছাত্ৰীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে অভিযোগ কৰে যে তেওঁক এক্সট্ৰা ক্লাছৰ বাবে কলেজলৈ মতা হৈছিল আৰু তেওঁৰ মোবাইলত কেইবাটাও মিছড কল আছিল।
মহাবিদ্যালয়ৰ অধ্যক্ষই কয় যে কলেজৰ গ্ৰীলৰ গেট খুলি দিয়া হৈছিল আৰু ছাত্ৰীগৰাকীয়ে ভিতৰলৈ সোমাই কাগজ-পত্ৰ থৈ ওপৰলৈ গৈছিল। ঘটনাস্থলীত উপস্থিত থকা এগৰাকী শিক্ষয়িত্ৰীয়ে শব্দ শুনি চাওঁতে ছাত্ৰীগৰাকীক তলত পৰি থকা দেখা পায়।