এইবাৰ গৰমে দিছে অশনি সংকেত

ক্ৰমান্বয়ে বৃদ্ধি পাইছে গৰমৰ উষ্ণতা। ৰাজ্যত ইতিমধ্যে বৃদ্ধি পোৱা গ্ৰীষ্মপ্ৰবাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়ভাগ ৰাজ্যৰ বাবেই এক চিন্তাৰ বিষয় হৈ পৰিছে৷ গৰমৰ দিনৰ দৰে শীততো বাঢ়িছে উত্তাপ।সেউজীয়া পাহাৰ ধ্বংস হোৱাৰ লগতে আন বহু কাৰকে বৃদ্ধি কৰিছে উষ্ণতা। ফেব্ৰুৱাৰী মাহৰ পৰাই ক্ৰমে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ।

যিহেতুকে গৰমৰ দিন চমু চাপিছে আৰু এইবাৰ পূৰ্বতকৈও অধিক উষ্ণতাই জুৰুলা কৰিব ৰাজ্যবাসীক। উল্লেখ্য যে, বিগত বছৰতকৈ এইবাৰ মাৰ্চ মাহতেই বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। যাৰ বাবে দেশত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। বৰষুণৰ হ্ৰাস হোৱাৰ ফলত উৎকট গৰমে দহিব দেশবাসীক। ইয়াৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে দেশবাসী।

আনহাতে এইবাৰ ৰাজ্যত ৫০ ডিগ্ৰী উষ্ণতা বৃদ্ধি পোৱাৰ সংকেত দিয়া হৈছে। যিটো সময়ত তাপমাত্ৰা স্বাভাৱিক অৱস্থাত থাকিব লাগে তেনে সময়ত এতিয়া সূৰ্যৰ তাপমাত্ৰা অধিক হোৱা পৰিলক্ষিত হোৱা দেখা গৈছে।পৰিৱেশৰ প্ৰতি এক ভয়ানক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব গৈ আছে জনসাধাৰণ। আগন্তুক ৬ মাহত উষ্ণতা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গতিকে প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে সাজু হওক ৰাজ্যবাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *