মেঘালয়ৰ ৰি-ভই জিলাৰ ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় (চমুকৈ ইউএছটিএম)ৰ স্বত্বাধিকাৰী তথা উপাচাৰ্য মহবুবুল হকক গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত জামিন প্ৰদান কৰিছে। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষী থানাত ৰুজু হোৱা ৫৪/২০২৫ নম্বৰৰ গোচৰত উচ্চ ন্যায়ালয়ে তেওঁক জামিন দিছে। কাইলৈ আন এটা গোচৰৰ শুনানি হ’ব। যদি দ্বিতীয়টো ৫৫/২০২৫ নম্বৰৰ গোচৰত ন্যায়ালয়ে জামিন প্ৰদান কৰে, তেন্তে মহবুবুল হক সম্পূৰ্ণৰূপে মুকলি হ’ব।
গুৱাহাটী উচ্চ ন্যায়ালয়ত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হোৱা ৫৪/২০২৫ নম্বৰৰ গোচৰত জামিন আৱেদনৰ শুনানিৰ অন্তত ন্যায়ালয়ে ৩ মাৰ্চলৈ ৰায় সংৰক্ষিত কৰিছিল।